as_act_text_reg/01/12.txt

1 line
1.3 KiB
Plaintext

\v 12 তাৰ পাছত পাঁচনি সকল জৈতুন নামৰ পাহাৰৰ পৰা যিৰূচালেমলৈ উভতি আহিল৷ এই পাহাৰ যিৰূচালেমৰ পৰা বিশ্ৰাম দিনলৈ \f + \fr 1.12 \fq বিশ্ৰাম দিন \ft ফৰিচীসকলৰ বিধান। সেইদিনা তেওঁলোকে কোনো কাম নকৰে। \f* যোৱা বাটৰ সমান দূৰৈত অৱস্থিত \v 13 যেতিয়া তেওঁলোকে যিৰূচালেম নগৰ গৈ পালে, তাত তেওঁলোকে পিতৰ,যোহন, যাকোব, আন্দ্রিয়, ফিলিপ, থোমা, বাৰ্থলময়, মথি, আলফয়ৰ পুতেক যাকোব, উদ্যোগী চিমোন আৰু যাকোবৰ পুতেক যিহূদা থকা ঘৰৰ ওপৰৰ কোঠালিলৈ গল। \v 14 তাতে তেওঁলোকে কেইগৰাকী মান মহিলা, যীচুৰ মাক মৰিয়ম আৰু তেওঁৰ ভায়েক সকলৰ সৈতে সকলোৱে এক মনেৰে প্রার্থনাত লাগি থাকিল।