as_act_text_reg/01/06.txt

1 line
1.0 KiB
Plaintext

\v 6 পুনৰ গোট খোৱা সময়ত তেওঁলোকে যীচুক সুধিলে, “হে প্ৰভু, ইস্রায়েলক আপুনি এই কালতে পুনৰাই ৰাজ্য দিব নে?" \v 7 তেতিয়া তেওঁলোকক তেওঁ ক’লে, "যি কাল আৰু সময় পিতৃয়ে নিজৰ অধিনত ৰাখিছে, সেই বিষয়ে তোমালোকে জানিবলৈ নোপোৱা। \v 8 কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোক আত্মাত শক্তিশালী হবা৷ তেতিয়া তোমালোকে যিৰূচালেম আদি কৰি গোটেই যিহূদিয়া, চমৰীয়া দেশত আৰু পৃথিবীৰ সীমালৈকে মোৰ সাক্ষী হবা।"