\v 24 ইয়াৰ উপৰিও চমূৱেল আদি কৰি যিমানবোৰ ভাববাদীয়ে কথা কলে, সকলোৱে এই সময়ৰ বিষয়েই কৈ গ’ল। \v 25 আপোনালোক সেই ভাববাদী সকলৰ সন্তান আৰু আপোনালোকৰ পূর্ব-পুৰুষ সকলৰ সৈতে ঈশ্বৰে কৰা সেই প্রতিজ্ঞাৰ উত্তৰাধিকাৰী; তেওঁ অব্রাহামক কৈছিল “তোমাৰ বংশত পৃথিৱীৰ সকলো জাতিয়ে আশীৰ্ব্বাদ পাব।" \v 26 7আপোনালোকৰ প্রতিজনক নিজ দুষ্টতাৰ পৰা ঘূৰাই আশীর্ব্বাদ দিবলৈ ঈশ্বৰে তেওঁৰ পুত্ৰ যীচুক প্রথমতে আপোনালোকৰ ওচৰলৈ পঠালে।