as_act_text_reg/05/19.txt

1 line
972 B
Plaintext
Raw Normal View History

\v 19 কিন্তু ৰাতি হলত প্ৰভুৰ এজন দূত আহি বন্দীশালৰ দুৱাৰ খুলি তেওঁলোকক বাহিৰলৈ যাব দি কলে, \v 20 “যোৱা, তোমালোকে গৈ মন্দিৰত থিয় হৈ, অনন্ত জীৱনৰ সকলো কথা লোকসকলৰ আগত কোৱাগৈ”। \v 21 আজ্ঞা অনুসাৰে তেওঁলোকে ৰাতি পুৱাতে মন্দিৰত সোমাই উপদেশ দিলে। আনফালে প্রধান পুৰোহিত আৰু তেওঁৰ সংগীসকলে আহি ইহুদী সকলৰ জেষ্ঠ লোকসকলৰ এক মহাসভা মাতিলে আৰু পাঁচনিসকলক বন্দীশালৰ পৰা আনিবলৈ মানুহ পঠালে।