as_act_text_reg/05/29.txt

1 line
1.2 KiB
Plaintext
Raw Normal View History

\v 29 তেতিয়া পিতৰ আৰু আন পাঁচনিসকলে উত্তৰ দি কলে, “আমি মানুহৰ নহয়, ঈশ্বৰৰহে আজ্ঞা মনা উচিত। \v 30 যি জনক আপোনালোকে কাঠত ওলোমাই হত্যা কৰিলে, আমাৰ পূৰ্ব-পুৰুষসকলৰ ঈশ্বৰে সেই জন যীচুক মৃত্যুৰ পৰা জীয়ালে। \v 31 সেই যীচুক ঈশ্বৰে ৰজা আৰু ত্রাণকর্তা হিচাবে নিজৰ সোঁ-হাতে বহুৱাই উন্নত কৰিলে, যাতে ইস্ৰায়েলী সকলে মন পালটন কৰে আৰু যীচুৱে যেন তেওঁলোকৰ পাপ ক্ষমা কৰিব পাৰে। \v 32 এই কথাৰ আমি সাক্ষী আছো আৰু যিসকল ঈশ্বৰৰ বাধ্য হয়, ঈশ্বৰে তেওঁলোকক যি পবিত্ৰ আত্মা দিছে, সেই পবিত্র আত্মাও ইয়াৰ সাক্ষী।"