as_act_text_reg/26/15.txt

1 line
1.6 KiB
Plaintext
Raw Permalink Normal View History

\v 15 তেতিয়া মই সুধিলোঁ, "হে প্ৰভু, আপুনি কোন"? তেতিয়া প্ৰভুৱে কলে, "যি জনক তুমি তাড়না কৰিছা, মই সেই যীচু৷ \v 16 এতিয়া উঠা, তোমাৰ ভৰিত ভৰ দি থিয় হোৱা; কিয়নো, তুমি যি দর্শনত মোক দেখা পালা আৰু ইয়াৰ পিছত এই মানুহবোৰৰ আৰু অনা-ইহুদী সকলৰ হাতৰ পৰা তোমাক উদ্ধাৰ কৰি যি দর্শনত মই তোমাক দেখা দিম, সেই সকলো বিষয়ৰ প্ৰচাৰক আৰু সাক্ষী হবলৈ তোমাক মনোনীত কৰিবৰ বাবে মই দর্শন দিলোঁ; \v 17 আৰু তেওঁলোকে যেন মোক বিশ্ৱাস কৰাৰ দ্ৱাৰাই পাপ-মোচন আৰু পবিত্ৰীকৃত হোৱা লোক সকলৰ মাজত ভাগ পায়, \v 18 এই মনোভাৱেৰে তেওঁলোকৰ চকু মুকলি হবলৈ \f + \fr 26:18 \ft যিচ ৪২:৬, ; যো ৮:১২ ; ২ কৰি :৩-৬৷ \f* আৰু অন্ধকাৰৰ পৰা পোহৰলৈ, চয়তানৰ অধিনৰ পৰা ঈশ্ৱৰলৈ ঘূৰিবৰ কাৰণে, তেওঁলোকৰ ওচৰলৈ মই তোমাক পঠাওঁ৷" \p