as_act_text_reg/04/23.txt

1 line
1.2 KiB
Plaintext
Raw Permalink Normal View History

\v 23 পিতৰ আৰু যোহনক এৰি দিয়াৰ পাছত, তেওঁলোক সঙ্গীসকলৰ ওচৰলৈ গ’ল আৰু প্ৰধান পুৰোহিত, জেষ্ঠ লোকসকলে যি যি কৈছিল, সেই সকলোবোৰ কথা তেওঁলোকক জনালে। \v 24 এইবোৰ কথা শুনি সকলোৱে একেলগে উচ্চস্বৰে ঈশ্বৰৰ উদ্দেশ্যে প্রার্থনা কৰিলে, “প্ৰভু, আকাশমণ্ডল, পৃথিবী, সাগৰ আৰু এই সকলোৰে মাজত যি যি আছে, সকলোৰে সৃষ্টিকর্তা তুমিয়েই। \v 25 তুমি তোমাৰ দাস, আমাৰ পিতৃপুৰুষ দায়ুদৰ মুখেৰে পবিত্র আত্মাৰ দ্বাৰা এই কথা কৈছিলা, \q জাতিবোৰ কিয় ক্রুদ্ধ হ’ল ? \q লোকসমুহে কিয় অসাৰ চিন্তা কৰে? \q