as_act_text_reg/04/08.txt

1 line
1.2 KiB
Plaintext
Raw Permalink Normal View History

\v 8 তেতিয়া পিতৰে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ তেওঁলোকক কলে- "হে লোকসমূহৰ শাসনকৰ্তা আৰু জেষ্ঠ লোকসকল, \v 9 আজি এজন অসুস্থ মানুহলৈ কৰা উপকাৰ দেখি, তেওঁ কি উপায়েৰে সুস্থ হ’ল সেই বিষয় জানিবৰ বাবে আপোনালোকে আমাক এই বিষয়ে বিচাৰ কৰি প্রশ্ন সুধিছে নেকি? \v 10 সেয়াই যদি হয়, আপোনালোক আৰু ইস্রায়েলৰ আটাইলোকে ইয়াকে জানক যে, যি যীচু খ্ৰীষ্টক আপোনালোকে ক্রুচত দিছিল আৰু তেওঁক ঈশ্বৰে মৈদামৰ পৰা তুলিলে আৰু সেই নাচৰতীয়া যীচুৰ নামেৰে এই ব্যক্তিজন সুস্থ হৈ ইয়াত আপোনালোকৰ আগত থিয় হৈ আছে।